Search This Blog

Thursday, 20 October 2022

আৱাহন

       আৱাহন

                              শ্ৰীযুক্ত আনন্দ চন্দ্ৰ বৰুৱা


                               উঠাহে তপন

বোলাই দিয়াহি আকাশ গগণ---

উঠক জিলিকি নানান বৰণ৷

আহা ঊষাৰাণী বিলাই দিয়াহি

গোলাপ বালাৰ মিচিকিয়া হাঁহি৷

গোৱাই দিয়াহি কুলি কেতেকীৰ

                             কণ্ঠ কোমল ধীৰ৷

দিয়াহি জীৱন সুপ্ত প্ৰাণত

সোণবৰণীয়া সেই চুলিটাৰি

মেলি দিয়া আজি দিগন্ত প্ৰসাৰি

মুকুতা মণিৰে পূৰ্ব্ব ভৱন

উঠক জিলিকি, আহক পৱন৷

আঁতৰক ক'লা আন্ধাৰ নিশা

তোমাৰে জেউতি বাঢ়ক ঊষা

                          হওক  বিলীন

আমাৰ সি দিন বিচাৰি যি দিন

হইছিলোঁ আমি বিষাদ মলিন!

আহা এনেদিন বিমল এদিন,

চিৰ মিলনৰ যুগমীয়া চিন৷

হাঁহে যেন তাতে জননী আমাৰ,

                        --- সুখৰ নেথাকে পাৰ!

আহাঁহে সাদৰী আহাঁ ঊষাৰাণী!

সাত বৰণীয়া ৰহণ ধুনীয়া,

আমোল মোলোৱা গন্ধ আনি-----

অন্ধ চকুত প্ৰেমৰ কাজল

দিয়াহি যতনে সবাকো সানি৷

                                ----- আহাঁ ঊষাৰাণী৷ 


ডাঃ দীননাথ শৰ্মা সম্পাদিত 'আৱাহন' আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যা(অক্টোবৰ, ১৯২৯, কাতি,১৮৫১ শক) ত প্ৰকাশিত৷












অনুৰ

  অ নুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ            চিত্ৰণ যদুমণি গগৈ ছবি পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি অনুৰ৷ অন্তৰীণ আৰু কানীনৰ পিছ...