আৱাহন
শ্ৰীযুক্ত আনন্দ চন্দ্ৰ বৰুৱা
উঠাহে তপন
বোলাই দিয়াহি আকাশ গগণ---
উঠক জিলিকি নানান বৰণ৷
আহা ঊষাৰাণী বিলাই দিয়াহি
গোলাপ বালাৰ মিচিকিয়া হাঁহি৷
গোৱাই দিয়াহি কুলি কেতেকীৰ
কণ্ঠ কোমল ধীৰ৷
দিয়াহি জীৱন সুপ্ত প্ৰাণত
সোণবৰণীয়া সেই চুলিটাৰি
মেলি দিয়া আজি দিগন্ত প্ৰসাৰি
মুকুতা মণিৰে পূৰ্ব্ব ভৱন
উঠক জিলিকি, আহক পৱন৷
আঁতৰক ক'লা আন্ধাৰ নিশা
তোমাৰে জেউতি বাঢ়ক ঊষা
হওক বিলীন
আমাৰ সি দিন বিচাৰি যি দিন
হইছিলোঁ আমি বিষাদ মলিন!
আহা এনেদিন বিমল এদিন,
চিৰ মিলনৰ যুগমীয়া চিন৷
হাঁহে যেন তাতে জননী আমাৰ,
--- সুখৰ নেথাকে পাৰ!
আহাঁহে সাদৰী আহাঁ ঊষাৰাণী!
সাত বৰণীয়া ৰহণ ধুনীয়া,
আমোল মোলোৱা গন্ধ আনি-----
অন্ধ চকুত প্ৰেমৰ কাজল
দিয়াহি যতনে সবাকো সানি৷
----- আহাঁ ঊষাৰাণী৷
ডাঃ দীননাথ শৰ্মা সম্পাদিত 'আৱাহন' আলোচনীৰ প্ৰথম বছৰ প্ৰথম সংখ্যা(অক্টোবৰ, ১৯২৯, কাতি,১৮৫১ শক) ত প্ৰকাশিত৷