Search This Blog

Wednesday, 1 June 2022

মই শিল্পীঃ নাঙ্গলৰ কবি, কবি সৰ্বেশ্বৰ জালভাৰী ফুকন

 মই শিল্পী-----

             নাঙলৰ কবি৷

নাঙলৰ সীৰলুত বহি নীৰৱ নিজানে; ৰং-বেৰঙৰ তুলিকাৰে 

আঁকি যাওঁ- অৰ্দ্ধাহাৰী, অৰ্দ্ধনগ্ন

মূক মূঢ়, মূক শতসহস্ৰ

চহা হোজা কৃষকৰ ছবি

নাঙ্গল মোৰ জন্মগত, বংশগত

জাতিগত, ধৰ্মগত

নাঙ্গল যাৰ, জোৰ তাৰ

সহিব লাগিব মেদিনী ভাৰ

জংঘলে মংগল, কুৰুক্ষেত্ৰ পথাৰত

বেহু ৰচনা কৰি বজ্ৰলেপ, বিনিদ্ৰ-নয়নে

শতসহস্ৰ কৃষকৰ যুঁজ

কৌৰৱৰ নিধন পৰ্ব, পাণ্ডৱৰ জয়

বনৰীয়া হিংস্ৰ জন্তু অকালপতন

আমি হওঁঁ জাগ্ৰত প্ৰহৰী 





,

অনুৰ

  অ নুৰ বৃদ্ধকালৰ একাকীত্বৰ যন্ত্ৰণাৰ এক বাস্তৱ            চিত্ৰণ যদুমণি গগৈ ছবি পৰিচালক মঞ্জুল বৰুৱাৰ নৱতম ছবি অনুৰ৷ অন্তৰীণ আৰু কানীনৰ পিছ...